দক্ষিণ কোৰিয়াই এই গ্ৰীষ্মকালত ডিজিটেল মুদ্ৰা পৰীক্ষা আৰম্ভ কৰিব - CryptoMonkey Duniya

moving image

Latest

Monday, May 24, 2021

দক্ষিণ কোৰিয়াই এই গ্ৰীষ্মকালত ডিজিটেল মুদ্ৰা পৰীক্ষা আৰম্ভ কৰিব

বেঙ্ক অফ কোৰিয়াই ইয়াৰ কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাৰ বাবে এক পাইলট কাৰ্যসূচী আৰম্ভ কৰিব, কিন্তু  মুদ্রাটোৰ প্ৰকৃত প্রয়োগত এতিয়াও শেষ সিদ্ধান্ত হোৱা নাই।


দক্ষিণ কোৰিয়াৰ কেন্দ্ৰীয় বেংক বেংক অফ কোৰিয়াই ইয়াৰ আগন্তুক কেন্দ্ৰীয় বেংক ডিজিটেল মুদ্ৰা (চিবিডিচি) পৰীক্ষণৰ বাবে প্ৰযুক্তি যোগানকৰ্তাৰ বাবে নিবিদা মুকলি কৰিছে। এই বাতৰি স্থানীয় সংবাদ মাধ্যম কোৰিয়া হেৰাল্ডে সোমবাৰে প্ৰকাশ কৰিছে।

 


মুঠ ৪.৪ নিযুত লাৰ (৪.৯ বিলিয়ন ৱান) আৱণ্টন কৰা পৰীক্ষণটো "ভাৰ্চুৱেল পৰিৱেশত" দুটা পৰ্যায়ত  কৰা হ'ব। প্ৰথম পৰ্যায়টো আগষ্টৰ পৰা ডিচেম্বৰ ২০২১ লৈ চলিব।

 

অৱশ্যে, বেংক বিষয়াসকলে কয় যে বেংক অফ কোৰিয়াৰ বৰ্তমান ইয়াৰ ডিজিটেল মুদ্ৰা জাৰী কৰাৰ কোনো পৰিকল্পনা নাই । এই পাইলট পৰীক্ষাৰ লক্ষ্য হৈছে ইয়াৰ সম্ভাৱ্যতা আৰু সামগ্ৰিক কাৰ্যকৰীতা চোৱা।

 

বেংকৰ বিষয়া জনে কয় যে "যেতিয়া নগদ লেনদেনৰ অংশ যথেষ্ট হ্ৰাস পায় তেতিয়া  চিবিডিচিক কেনেদৰে এক প্ৰকাৰৰ সুৰক্ষিত সম্পদ হিচাপে ব্যৱহাৰ কৰিব পাৰি সেয়া চাবলৈ আমি পাইলট পৰীক্ষা আৰম্ভ কৰিছোএই মুহূৰ্তত ইয়াৰ ডিজিটেল মুদ্ৰা জাৰী কৰা নহয়।"

 

চি.বি.ডি.চি.-য়ে স্থানীয় ফিয়াট মুদ্ৰাৰ কেন্দ্ৰীভূত, ডিজিটেল সংস্কৰণ, যেনে আমেৰিকান ডলাৰ বা ইউৰো বুজায়, যাৰ লক্ষ্য হৈছে বিশ্বব্যাপী মুদ্ৰা প্ৰণালীলৈ এক গতি আৰু সুৰক্ষা অনা।


পৰীক্ষণৰ দুটা পৰ্যায়


পৰীক্ষণৰ প্ৰথম পৰ্যায়ত চিবিডিচিৰ মৌলিক কাৰ্যক্ষমতাৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ জাৰী আৰু প্ৰচলন পৰীক্ষা অন্তৰ্ভুক্ত থাকিব।


দ্বিতীয় পৰ্যায়ত, যি জুন ২০২২-ত সমাপ্ত হ', চিবিডিচিৰ অধিক বিতং দিশ অন্বেষণ কৰিব, যেনে Cross Border লেনদেন আৰু অফলাইন লেনাদেনা। ইয়াৰ উপৰিও, বেঙ্ক অফ কোৰিয়াই ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ডিজিটেল মুদ্ৰাৰ কাৰ্যকৰীতা অধ্যয়ন কৰিব।


কেইবাটাও প্ৰযুক্তিগত বৃহৎ কোম্পানী যেনে নাভেৰ, কাকাও আৰু এলজিকে  আদিয়ে কেন্দ্ৰীয় বেংকৰ আগন্তুক পৰীক্ষণত তেওঁলোকৰ আগ্ৰহ প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। দক্ষিণ কোৰিয়াৰ সৰ্ববৃহৎ ঔদ্যোগিক গোট চেমচাঙেও পাইলট কাৰ্যসূচীৰ  বাবে নিবিদাত অংশ 'ব বুলি আশা কৰা হৈছে।


যদিও বহু দেশে এতিয়াও ডিজিটেল ধনৰ এক নতুন প্ৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ আছে, আন কিছুমান দেশে ইতিমধ্যে গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিছে। চীনে ইতিমধ্যে ডিজিটেল ইউয়ান পৰিচালনা কৰি আছে, আৰু বাহামাই ইতিমধ্যে ইয়াৰ চেণ্ড ডলাৰ মুকলি কৰিছে।

No comments:

Post a Comment

Post Top Ad